Translate

Friday, July 29, 2016

অবাধ্য সপোন/The untammed dream (১৯৯৬)

(Dedicated to Kabir Suman)
নলয় নলয় সি নলয় মানি, দিবই লাগিব আকাশী জোন আনি৷
নিষ্ফল মা মাহী মামাৰ বুজনি, দু’বছৰীয়া সি এটি অকণমাণি৷৷
নলয় নলয় সি নলয় মানি, ল’বই ল’বই ৰামধেনু ৰং সানি৷
নিষ্ফল দেউতাৰো গালি-শপনি, দু’বছৰীয়া সি এটি অকণমাণি৷৷
জোন কিয় আকাশত, মাটিত আমি? আহাঁ জোন পৃথিৱীৰ বুকুলে’ নামি৷
জোন কিয় আকাশত?
নলয় নলয় সি নলয় মানি৷৷
বিৰক্ত চুবুৰীয়া: অবাধ্য লৰা! জঙ্ঘলী ঘোঁৰা!
ঘোঁৰা পিটি মানুহ সোনকালে কৰা!
সভ্য ভব্যতাৰ মন্ত্ৰ দিয়া!!
কোনো দামী খোঁৱাৰত নাম লিখোৱা!!!
কান্দি-কাটি লেবেজান কণমানি,পুৰণি সুৰেৰে মাকে গায় নিচুকণি
অকণি টোপনি যায়…
পুৰণি কোলাত, টোপনি দোলাত, সংগোপনে সি সপোন দেখে –
নতুন সুৰৰ, নতুন গানৰ, ৰামধেনু ৰঙী জোনালী দিনৰ

No comments:

Post a Comment