যি দেখিলোঁ বয়স বিয়াল্লিছ পালেই, সময় আৰু বৰবেছি হাতত নাই৷ এনেকৈ বহি থাকিলে নহ’ব…
সেয়া দেখিছেনে কোনডোখৰৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ৷ আচলতে লিখা-মেলাৰ অভ্যাসেই নোহোৱাৰ দৰে হল লহয়৷ আচ্ছা, খুলি কৈছোঁ বাৰু –
মোৰ ধাৰণা আছিল, বুদ্ধিজীৱি বা লিখা-মেলাৰ লাইনটো ঠিকা-ঠুকলি বা চাকৰী বিচৰাৰ দৰে পঙ্কিল নহয়, এয়া হল চাফা, শুকান, চিধা লাইন৷ না তৈলমৰ্দন, না Lobbying, না godfather বৰগোহাইঁ সেৱা, না পৃষ্ঠপোষকতা – একোৱেই দৰকাৰ নাই – যদিহে যোগ্যতা থাকে৷ আপুনি লিখনী কিম্বা ৰাইজৰ চিঠি জমা দিয়ক – যোগ্যতা থাকিলে ছপা হ’বই!
পিছে, এই অযোগ্যজনে এজনো সম্পাদক কিম্বা প্ৰকাশকৰ সৈতে সুবিধা কৰি উঠিব নোৱাৰিলোঁ৷ আন কখা বাদেই, কেবাখনো ৰাইজৰ চিঠিও কাকতত নিজে দি থৈ আহিও কোনোপধ্যে ছপাব নোৱাৰিলোঁ, আনকি আদৰ্শৰ তুঙ্গত থাকোঁতে দেহ-মন আৰু আৰ্থিক বৰঙণিৰে ঠিয় কৰোৱা স্থানীয় ক্ষুদ্ৰ আলোচনীয়েও বিশ্বাসঘাতকতা কৰিলে। সেইখিনি সময়ত নিজৰ চিন্তা-চৰ্চা সম্পৰ্কে প্ৰশংসা শুনি career পাহৰি নিজকে এইবোৰ কামতেই সমৰ্পণ কৰিবলৈ ওলাইছিলোঁ৷ মোক Lieutenant বুলিলেও মই পিছে তেতিয়া Private হ'বলৈ পালেও বৰ্তি যাওঁ। প্ৰশংসাকাৰীসকলে মোৰ মঙ্গল চিন্তিয়েই চাগে নিশাটোতে সুৰ সলনি কৰিলে৷ গতিকে, তেতিয়াও নিজৰ অযোগ্যতা সম্পৰ্কে চকু মুকলি হোৱাই নাছিল।
পিছত আকৌ এটা ছাত্ৰ-গোটে ক্ষুদ্ৰ আলোচনীৰ বাবে উদ্যোগ লৈ, এই অধমকো cartoon, লিখনীৰ guarantee দিলত মোটা বৰঙণি দি উঠি দেখোঁ - আমো নাই, ফৰ্মুটিও নাই! মানে লিখা দূৰৈৰে কথা, আলোচনী কেতিয়া ওলাল, গমকে নাপালোঁ! তাৰে এজন হৰ্তা-কৰ্তা এতিয়া অসমৰেই ত্ৰাতা।
বিশ্বস্ত পথপ্ৰদৰ্শকসকলৰ ভণ্ডামীত বিধ্বস্ত হৈ গৈছিলোঁ৷ মানুহৰ প্ৰতি বিশ্বাসেই হেৰাই গৈছিল৷
বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ-গল্পকাৰ ছাত্র এগৰাকীয়ে মোৰ খুহুতীয়া গল্প পঢ়ি ‘প্ৰতিষ্ঠিত গল্পকাৰৰ লিখনীৰ দৰে’ বুলি ভাইটি্ক কৈছিল৷ পিছত তেওঁ প্ৰতিষ্ঠিত গল্পকাৰ হোৱা দেখি ঘৰলৈ আনি দুপৰীয়া অতিথি-সত্কাৰৰ আয়োজন কৰা হ’ল : মোৰ অখাদ্য লিখনীবোৰৰ বাবেও কোনো বিলনীয়া যোগাৰ হয়েইবা! পিছে সেই দাইলো নগলিল!
ল'ৰাৰ জন্মদিন উপলক্ষে উৎস মানুষ-গোষ্ঠীৰ এখন গুৰুত্বপূৰ্ণ বাংলা গ্ৰন্থ অনুবাদ কৰিবলৈ লৈছিলোঁ৷ কিন্তু প্ৰকাশ কৰিব কোনে? উত্তৰৰ অন্বেষণত, গ্ৰন্থবিপ্লৱৰ ঠিকা লোৱা এটি সংস্থাৰ তালৈ গলোঁ৷ তেতিয়া সন্ধ্যা সাত বাজিছিল বুলিহে, নহ'লেতো তাৰ মূল ব্যক্তিজনৰ মতি-গতি দেখি কোনো ধুৰন্ধৰ মণ্ডলৰ ওচৰলৈ মাটিৰ কাম লৈ আহিছোঁ যেনহে লাগিছিল! পৰম শ্ৰদ্ধাৰ হীৰেন গোহাইঁ ছাৰে(যেনেকৈ দ্ৰোণ একলব্যৰ ‘ছাৰ’) অৱস্থা দেখি ক’লে – ‘মই তৰুতৃণ প্ৰকাশণক কৈ দিব পাৰোঁ, কিতাপ সিহঁতে উলিয়াব, কিন্তু পইছা টইছা তুমি নাপাবা!’ মই ভাবিলোঁ, মই বাৰু বিনাপইছাৰ গোলাম্, কিন্তু উৎস মানুষ?
এনেদৰে লাহে-লাহে নিজৰ অযোগ্যতা সম্পৰ্কে নিঃসন্দেহ হ'লোঁ৷…
2012 চনত এজন শিশু আলোচনী সম্পাদকক লগ পালোঁ। পুৰ্বৰে চিনাকী, তেখেতৰ ঘৰলৈ যাওঁতে এবাৰ তেখেতে নিজৰ কিতাপ এখনো দিছিল। অৱশ্যে মোৰ লিখনি কেতিয়াও দেখুওৱা নাছিলোঁ হ'লে। তেওঁৰ নতুন ঘৰলৈ এপাক মাৰিবৰ অনুমতি ললোঁ। উদ্দেশ্যঃ লিখা খিনি এবাৰ দেখুৱাই, লগতে কিবা নিয়মিত শিতান চিতান এটা কৰিব পাৰি নে কি আলোচনা কৰা। তেওঁ আগবেলা একো ব্যস্ততা নাথাকে বুলিও জনালে।পিছে যেই ফোন কৰি আহি আছোঁ বুলি কলোঁ, তেওঁ অকস্মাত ব্যস্ত হৈ পৰিল - ক'ৰবালৈ যাবলৈ ওলাইছে হেনো!
বহুবছৰ পিছত, মোৰ জীৱিকাৰ সৈতে জড়িত Internet-এ আমাৰ দৰে অযোগ্যজনৰ চিন্তা আৰু লিখনীও ওপৰোক্ত পঙ্কিল পথ নোলোৱাকৈয়েই প্ৰকাশৰ এক সঁচা অৰ্থত সমাজতান্ত্ৰিক পথ উলিয়াই দিলত, এটা শেষ চেষ্টা দিবৰ মন গ’ল …

No comments:
Post a Comment